Song: Ture Mure Alookore Jatra (তোৰে মোৰে আলোকৰে যাত্ৰা)
Singer: Jyoti Prasad Agarwala
Ture Mure Alookore Jatra Lyrics |
Ture Mure Alookore Jatra Lyrics:—
তোৰে মোৰে আলোকৰে যাত্ৰা
অব্যৰ্থ অব্যৰ্থ,
আমি পালোঁ জীৱনৰ অৰ্থ অভিনৱ
স্বাগত স্বাগত সতীৰ্থ!
সেউজীয়া জীৱনলে’ জাগৃতি ছন্দ
আহে আহে
জনতাৰ অন্তৰে অন্তৰে
আলোক বসন্ত হাঁহে হাঁহে৷
প্ৰচাৰিত আলোকবাণী
আগবাঢ়ে যুগগ্ৰামী তৰুণ সেনানী
আজি সমৃদ্ধ বেগে
জাগে জাগে বিপ্লৱী প্ৰাণ
মুখৰিত দিশে দিশে অগনি গান৷৷