Song: O Amar Gaon (অ’ আমাৰ গাঁও)
Singer: Jyoti Prasad Agarwala
O Amar Gaon Lyrics |
O Amar Gaon Lyrics:—
অ’ আমাৰ গাঁও !
আমাৰ গাঁৱৰ মান ৰাখি
মৰিবলৈ যাওঁ আমি
মৰিবলৈ যাওঁ।
ভৰপূৰ তামোলেৰে
সেউজীয়া পথাৰেৰে
দূৰতে জিলিকি থকা
অ’ আমাৰ গাওঁ ।
দেশৰ হকে মৰিব পৰা
আমাৰ গাঁৱৰ ডেকা ল’ৰা
ডেকেৰী নহয় পাছ পৰা
অ’ আমাৰ গাঁও।
একঠা মাটি মই উপজিয়ে পাওঁ
এমুঠি পেটৰ ভাত
এখনি কাপোৰ গাত
আজি কিয় তাক নাপাওঁ ?
এই মাটি মোৰ অধিকাৰ
মোৰ ভাত মোৰে কাপোৰ
মোৰে দেশ আজি মই নিজে ৰখাওঁ।
কালৰ মূৰ্তি ধৰি
শতৰুৰ মূৰত
আকাশৰ সৰগ পেলাওঁ ।