Bajaj Scooter (বাজাজ স্কুটাৰ) | Lyrics In Assamese | MAIJAAN Vol4 | RAKESH REEYAN

Song: BAJAJ SCOOTER (বাজাজ স্কুটাৰ)
Singer: RAKESH REEYAN
Album: MAIJAAN Vol4

Bajaj Scooter (বাজাজ স্কুটাৰ)  Lyrics In Assamese :—



Bajaj Scooter চলাই যাম মইনা ঐ তোৰে নো ঐ ঘৰলৈ
Indicator জলাই যাম মইনা ঐ তইয়ে চিনি পাবলৈ
চিকিমিকি গধূলিত একা-বেঁকা বাটেদি
হঠাতে গৈ উলামগৈ তোৰেনো ঐ পদূলিত
ঐ মনৰ কথা খুলি কম মইনা ঐ মইনা ঐ
দিবিনে ঐ সহাঁৰি দিবিনে ঐ সহাঁৰি তই
ৰাতি বাৰ বজাত এ মইনা মনে মনে উলামগৈ
এ মইনা তোৰেনো ঐ কোঠালিত
কাষতে বহি লৈ এ মইনা চুমা আঁকিম কঁপালত
এ মইনা মৰমো দিম উজাৰি
প্ৰেমৰে বোঁৱতি নৈ বুকুতে মোৰ বোৱালি
সচাঁ মৰম ভালপোৱা জুখি চাব নোৱাৰি
কিনো মোহে মোহিলি কিনো মোহে মোহিলি
ঐ কিনো মোহে মোহিলি মইনা ঐ মইনা ঐ
তোৰে প্ৰেমত পগলা
তোৰে প্ৰেমত বলিয়া হলো
ঐ তিনিআলিৰ মূৰতে এ মইনা থাকিম ৰৈ তোলৈকে
এ মইনা আহিবি দেই অকলে
ৰাকেশ ৰাকেশ বুলি এ মইনা
জোকাব সমনীয়াই এ মইনা তোৰে আহি কাষলে
তোল পৰা তোৰ হাঁহিটিত জিলিকে তোৰ গাল দুখনি
খুপি খুপি খোজতে সৰি পৰে শেৱালি
কিনো মোহে মোহিলি কিনো মোহে মোহিলি
ঐ কিনো মোহে মোহিলি মইনা ঐ মইনা ঐ
তোৰে প্ৰেমত পগলা
তোৰে প্ৰেমত বলিয়া হলো
চলাই যাম মইনা ঐ তোৰে নো ঐ ঘৰলৈ
জলাই যাম মইনা ঐ তইয়ে চিনি পাবলৈ
চিকিমিকি গধূলিত একা-বেঁকা বাটেদি
হঠাতে গৈ উলামগৈ তোৰে নো ঐ পদূলিত
ঐ মনৰ কথা খুলি কম মইনা ঐ মইনা ঐ
দিবিনে ঐ সহাঁৰি দিবিনে ঐ সহাঁৰি তই