Nodir Dore Lyrics – Bhaskar Opswel x Ellana

Nodir Dore Lyrics by Bhaskar Opswel is The latest Assamese song. Original Song & Production by Ellana.

“Nodir Dore” Track Info:

Song: Nodir Dore
Original Song & Production: Ellana
Singer: Bhaskar Opswel
Original Artwork: Hirok Jyoti Neog
Audio Mixing Engineer: Pinkal Pratyush (Studio Anamika, Guwahati)
Label: BHASKAR OPSWEL

Nodir Dore Lyrics

নদীৰ দৰে শুকাই যায়
অথচ শেষ নহয় তাই,

এই ব্যস্ত জীৱনৰ
সকলো সময় তাইৰ নহয়,

অকলশৰে মই নিজৰ সতে
কটোৱা ক্ষণবোৰ তাই কাঢ়ি লয়,
অকলশৰে মই নিজৰ সতে
কটোৱা ক্ষণবোৰ তাই কাঢ়ি লয়,

তাই শেষ নহয়……
পৰাণ জুৰ নহয় ।।

তাই নদীৰ দৰে শুকাই যায়
অথচ শেষ নহয়,
তাইক বহুদিন হ’ল ক’তো দেখা নাই
অথচ মনতেই ৰয়,
তাই নদীৰ দৰে শুকাই যায়
অথচ শেষ নহয়,
তাই বহুদূৰ গৈ উলটিও নাচায়
মনে তাক মানি নলয়,

নদীৰ দৰে শুকাই যায়
অথচ শেষ নহয় তাই,

বিশুদ্ধ মোৰ প্ৰেমত
মাথোঁ হুমুনিয়াহৰ প্ৰাপ্তি হয়,

অনিদ্ৰ ৰজনীৰ চিন্তামালা
বাৰে বাৰে ছিঙিলেও তাই গাঁঠি লয়,
অনিদ্ৰ ৰজনীৰ চিন্তামালা
বাৰে বাৰে ছিঙিলেও আকৌ গাঁঠি লয়,

তাই শেষ নহয়
পৰাণ জুৰ নহয় ।।

তাই নদীৰ দৰে শুকাই যায়
অথচ শেষ নহয়,
তাইক বহুদিন হ’ল ক’তো দেখা নাই
অথচ মনতেই ৰয়,
তাই নদীৰ দৰে শুকাই যায়
অথচ শেষ নহয়,
তাই বহুদূৰ গৈ নিজতে মগন
মনে তাক মানি নলয়,
তাই আঁতৰত ৰৈ সুখেৰে আছে,
মনে শিক্ষা নলয়,

তাই আঁতৰত ৰৈ সুখেৰে আছে, মনে শিক্ষা নলয়…..

Nodir Dore” Music Video

We Hope You Liked the Nodir Dore Lyrics – Bhaskar Opswel x Ellana, If You Found Mistakes in the Lyrics “Nodir Dore Lyrics – Bhaskar Opswel x Ellana” kindly Submit Us With the Correct Nodir Dore Lyrics – Bhaskar Opswel x Ellana Song! Thanks for visiting our Lyrics App!