Etiya Junake Lyrics By Zubeen Garg & Mahalakshmi Iyer

Song: Etiya Junake (এতিয়া জোনাকে)

Album: Xobdo

Music: Zubeen Garg

Singer: Zubeen Garg & Mahalakshmi Iyer

Etiya Junake Lyrics
Etiya Junake Lyrics

Etiya Junake Lyrics:—

এতিয়া জোনাকে ন মায়া ৰচে
এতিয়া ডাৱৰে ন খেলা পাতে
তুমি অহা বাবেই
পোহৰে পাখি মেলে
সাৰ পালে সপোনে
এতিয়া জোন জ্বলে মোৰ দুচকুতে
এতিয়া ফুল ফুলে ৰঙা কলিজাতে
তুমি আছা কাষতে মন নদী উপচাই
মৰমে বুকু সিপাই
[উশাহে-নিশাহে মৰমৰে কণা
থৌকি-বাথৌ হিয়া
বাহিৰে ভিতৰে উমি উমি জ্বলে
কামনাৰে ভৰা তৃষা
(মেঘে মেঘে যেন উতলা যৌৱন) ×২
বেদনা দূৰ আজি
দুচকু জোনাকী ভৰা] ×২

এতিয়া জোনাকে ন মায়া ৰচে
এতিয়া ডাৱৰে ন খেলা পাতে
তুমি অহা বাবেই
পোহৰে পাখি মেলে
সাৰ পালে সপোনে
এতিয়া জোন জ্বলে মোৰ দুচকুতে
এতিয়া ফুল ফুলে ৰঙা কলিজাতে
তুমি আছা কাষতে মন নদী উপচাই
মৰমে বুকু সিপাই
[আকাশে আকাশে জীৱনৰে ৰং
আজি দেখো হিয়া নাচে
ফুলে পাতে শুনো সপোনৰে সুৰ
জোনাকো দুকাষে নামে
(এই মধু ক্ষণ নভৰে যেন মন) ×২
চোৱা মোৰ দুচকুৰে
নিজকে বিচাৰি পাবা] ×২
এতিয়া জোনাকে ন মায়া ৰচে
এতিয়া ডাৱৰে ন খেলা পাতে
তুমি অহা বাবেই পোহৰে পাখি মেলে
সাৰ পালে সপোনে
এতিয়া জোন জ্বলে মোৰ দুচকুতে
এতিয়া ফুল ফুলে ৰঙা কলিজাতে
তুমি আছা কাষতে মন নদী উপচাই
মৰমে বুকু সিপাই