Aah Aah Ulai Aah (আহ আহ ওলাই আহ) By Bhupen Hazarika | Lyrics In Assamese

Song: Aah Aah Ulai Aah (আহ আহ ওলাই আহ)
Singer: Bhupen Hazarika

Aah Aah Ulai Aah (আহ আহ ওলাই আহ) Lyrics In Assamese:—

আহ আহ ওলাই আহ 
সজাগ জনতা,
আহ আহ ওলাই আহ 
পোহৰ আনোতা,
ৰামৰে দেশতে থকা
 ৰাৱণ বধোঁতে,
যায় যদি যায় 
জীৱনটো যাক……
সমুখৰে সেনাপতি 
থমকি জিৰালে,
কিনো হব সেনানীয়ে
ভাবিলে গুণিলে,
ক’লা কাকতি ফৰিং
নাচোঁগৈ আহ……..
আহ আহ ওলাই আহ 
সজাগ জনতা,
আহ আহ ওলাই আহ 
পোহৰ আনোতা,
ৰামৰে দেশতে থকা
 ৰাৱণ বধোঁতে,
যায় যদি যায় 
জীৱনটো যাক……
শুন বুভুক্ষু শিশুৰে
আৰ্তনাদ,
তিল তিল মৃ্ত্যুৰ 
আনে সংবাদ,
এই সংবাদ শুনিও 
বধিৰ কিয় ?
তই নকৰিবি কিয়
তোৰ শেষ প্ৰতিবাদ ?
সংগ্ৰাম আন এটি 
নাম জীৱনৰে,
ইতিহাসে চিঞৰে
‘জয় জনতাৰে’,
ত্ৰাস এৰি দানৱকে
বধোগৈ আহ ……
আহ আহ ওলাই আহ 
সজাগ জনতা,
আহ আহ ওলাই আহ 
পোহৰ আনোতা,
ৰামৰে দেশতে থকা
 ৰাৱণ বধোঁতে,
যায় যদি যায় 
জীৱনটো যাক……..