Aai Tuk Kihere Pujime (আই তোক কিহেৰে পুজিমে) – Lyrics | Bhupen Hazarika

Song: Aai Tuk Kihere Pujime (আই তোক কিহেৰে পুজিমে)

Singer: Bhupen Hazarika



Aai Tuk Kihere Pujime (আই তোক কিহেৰে পুজিমে) – Lyrics:–

আই তোক কিহেৰে পুজিমে

আই তোৰ চৰণে দুখানি,
আই অ কিহেৰে পুজিমে তোক
আই অ জীৱন দি পুজিমে তোক….

আই তোৰ মৰমী কোলাতে

আই মই জনমে লভিলো,
আই তোৰ কিহেৰে শুজিমে ধাৰ
আই অ জীৱন দি শুজিমে ধাৰ….

আই অ আই

শ্যামলী কোলাতে পাহাৰে-ভৈয়ামে
খেলিলো কতনা খেলা,
আই অ আই
শ্যামলী কোলাতে পাহাৰে-ভৈয়ামে
খেলিলো কতনা খেলা,
আই তোৰ মৰমবোৰ নিগৰি
আই অ লুইত হৈ বাগৰে,
আই অ শান্তি সাগৰলে বুলি
আই অ মহা মিলনলে বুলি….

আই তোক কিহেৰে পুজিমে

আই তোৰ চৰণে দুখানি,
আই অ কিহেৰে পুজিমে তোক
আই অ জীৱন দি পুজিমে তোক….
আই অ জীৱন দি পুজিমে তোক….
আই অ জীৱন দি পুজিমে তোক….