Assamese Prayer Lyrics, Assamese Parthona… Hari naam

Assamese Prayer Lyrics

তুমি চিত্ত বৃত্তি মোৰ 

তুমি চিত্ত বৃত্তি মোৰ প্ৰৰ্ৱতক নাৰায়ণ
তুমি নাথ মই নাথৱন্ত।
চৰণ ছত্ৰৰ ছায়া দিয়া দূৰ কৰা মায়া
কৰা দয়া প্ৰভু ভগৱন্ত।।
তুমি মোৰ অন্তৰ্যামী তযু ভৃত্য ভৈলো আমি
জানি কৃপা কৰা হৃষীকেশ।
দান্তে তৃণ তুলি লওঁ যি মতে সেৱাত ৰওঁ
দিয়া মোক সেহি উপদেশ।।
তুমি ভক্ত কল্পতৰু বাহিৰে ভিতৰে গুৰু
তুমি বিনে নাহি মোৰ আৰ।
কৃপা কৰা হে হৰি চৰণত ৰক্ষা কৰি
দিয়া মোক সেৱা ৰস সাৰ।।
নাজানোহো আৱাহন নাজানোহো বিসৰ্জন
পূজা মন্ত্ৰ নাজানো কিঞ্চিত।
এতেকে পৰমেশ্বৰ দাস ভৈলো চৰণৰ
মোৰ গতি সাধিবে উচিত।।

—— শ্ৰী শ্ৰী মাধৱ দেৱ (নামঘোষা)


মই দুৰাচাৰ

মই দুৰাচাৰ কেৱলে তোমাৰ অপৰাধী নাৰায়ণ,
ক্ষমিয়োক হৰি লৈয়ো দাস কৰি,
পশিলো হেৰা শৰণ…

হে কৃষ্ণ স্বামী তযু পাদে আমি,
কেৱল শৰণ চাওঁ…
কৰা অনুগ্ৰহ মায়াৰ নিগ্ৰহ,
তেৱেস প্ৰভু এৰাওঁ…

হে যদুপতি মইমূঢ়মতি
নাজানো সেৱা তোমাৰ…
কেৱলে তোমাৰ চৰণ পংকজে,
হৰণ কৰিলো সাৰ…

পুৰুষ উত্তম পৰম পুৰুষ,
পৰম আনন্দ স্বামী…
তযু পাদপদ্ম মকৰন্দ আশে,
হৰন পশিলো আমি…

প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ,
প্ৰপন্ন জনতা ৰন…
তুমি প্ৰিয়তম পৰম দেৱতা,
জানিয়া লৈলো শৰণ…

Assamese Prayer Lyrics


Assamese Prayer Lyrics

ব্ৰহ্মা আদি কৰি 

ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম ৰাম ৰাম ৰাম ৰাম
মায়া-শয্যা মাজে আছয় ঘুমটি যাই |
তুমিসে চৈতন্য সনাতন ৰাম ৰাম ৰাম ৰাম ৰাম
আমি অচেতন নিয়োক নাথ জগাই ||৬৫৯
ক্ষুদ্ৰ সুখে বহু আশা কৰি ভৱ-কূপে জীৱ আছে পৰি
কাল-সৰ্পে দংশি হাৰইল চেতন তাৰ |
মোক্ষ-ৰূপ তযু বাক্যামৃত কৃপায়ে সিঞ্চিয়া প্ৰতি নিত
দায়াময় কৃষ্ণ কৰিয়ো তাক উদ্ধাৰ ||

সৰোবৰে গ্ৰাহে ধৰি আছে গজেন্দ্ৰে পীড়াক পায়া পাছে
আকাশে গৰুড়-কন্ধে চক্ৰ ধৰি হৰি |
দেখি সুবৰ্ণৰ পদ্ম ধৰি বোলে দুখ আৰ্ত্তনাদ কৰি
নমো ভগৱন্ত গুৰু লৈয়ো দাস কৰি ||
মধু-ৰিপু ৰাম ৰঘুপতি তুমি ভকতৰ নিজ গতি
তোমাৰ চৰণে শৰণ কৰিলো সাৰ |
নমো দেৱ দীন-দুখ-হাৰী দায়াশীল দামোদৰ প্ৰভু
আমি দুখিতক চৰণে কৰা উদ্ধাৰ ||

হে কৃষ্ণ তযু পাদ-পদ্ম পঞ্জৰ ভিতৰে মোৰ মন
ৰাজহংস পশি থাকোক প্ৰভু সৰ্ব্বথা |
প্ৰাণ-প্ৰয়াণৰ সময়ত কফ বাত পিত্ত আদি যত
কণ্ঠ-নিৰোধনে তোমাৰ স্মৰণ কথা ||৬৬৩
হে কৃষ্ণ পুত্ৰ-পত্নী-সঙ্গ তেজি তযু পদ চিন্তি নিত
গৰ্ব্ব-শূণ্য সন্তসৱৰ আশ্ৰমে যাইবো |
তাসম্বাৰ মুখ-পদ্মে বাজ হুইবে তযু কথামৃত-নদী
তাতে মগ্ন হুয়া দেহাৰ হাত এড়াইবো ||


কিমতে ভকতি

কিমতে ভকতি কৰিম তোমাক
হৰি হৰি হৰি হৰি এই
মই মূৰ্হমতি নজনো তাৰ উপায়।
মহা বলবন্ত দুৰ্বাশ নাগোৰ
হৰি হৰি হৰি হৰি এ
আমাৰ মনক তেজিয়া দুৰ নযায়

Full Lyrics coming soon


মুক্তিত নিস্প্ৰীহ যিটো

ঘোষা ।। ছবি।।

মুক্তিতো নিস্পৃহ যিটো সেহি ভকতক নমো
ৰসময় মাগোহো ভকতি।

সমস্ত মস্তক মণি নিজ ভকতৰ বশ্য
ভজো হেন দেৱ যদুপতি।।১৷৷

যাৰ ৰাম কৃষ্ণ নাম- নাৱে ভৱসিন্ধু তৰি
পাৱে পৰম্পদ পাপী যত।

সদানন্দ সনাতন হেনয় কৃষ্ণক সদা
উপাসা কৰোহো হৃদয়ত।।২।।

নমস্কাৰ

মৎস্য কুৰ্ম্ম নৰসিংহ বামন পৰশুৰাম
হলীৰাম বৰাহ জ্ৰীৰাম।

বুদ্ধ কন্ধি নামে দশ আকৃতি ধৰিছা কৃষ্ণ
তযু পাৰে কৰোহো প্রণাম।।৩৷

উপদেশ

একান্ত ভকতসৱে নিৰ্গুণ কৃষ্ণৰ গুণ
গাৱে সদা বসিয়া যথাত।

বৈকুণ্ঠক পৰিহৰি যোগীৰো হৃদয় এৰি
থাকা হৰি সাক্ষাতে তথাত।।৪৷।৷

কৰ্ম্মত বিশ্বাস যাৰ হিয়াত থাকন্তো হৰি
আতিশয় দূৰ হোন্ত তাৰ।
দূৰতো বিদূৰ হোন্ত তাৰ।

অহঙ্কাৰ থাকন্তেও সাক্ষাতে কৃষ্ণক পাৱে
অৱণ কীৰ্ত্তন ধৰ্ম্ম যাৰ।।৫৷৷

যিটোজনে শুদ্ধভাৱে হৰিত শৰণ লৈয়া
হৰিক সুহৃদ বুলি আছে।

হৰিৰ প্ৰসাদে সিটো বিঘ্নিৰ মুণ্ডত ভৰি
দিয়া হৰিগুণ গায়া নাচে।।৬৷৷

সকল নিগম লতা তাৰ অৱিনাশী ফল
কৃষ্ণনাম চৈতন্য স্বৰূপ।

সুমধুৰ সুমঙ্গল অদ্ধায়ে হেলায়ে লৈয়া
নৰ মাত্ৰে তৰে ভৱকুূপ।।৭৷৷

অব্যক্ত ইশ্বৰ হৰি কিমতে পূজিবা তাঙ্ক
ব্যাপকত কিবা বিসৰ্জ্জন।

এতাৱন্ত মূৰ্ত্তিশূন্য কেনমতে চিন্তিবাহা
ৰাম বুলি শুদ্ধ কৰা মন।।৮৷৷

যিটোজনে কৃষ্ণকথা বিচাৰ সময়ে মনে
ধৈৰ্য্য ধৰি ক্ষণেক থাকয়।

যত তীৰ্থ স্নান দান দেৱ পিতৃ যজ্ঞ যাগ
যোগাদিৰো ফলক পাৱয়।।৯।।

যাৰ পুত্ৰসৰে এঁত হৰিত শৰণ লৈয়া
হৰিগুণ গাৱে শুদ্ধভাৱে।

দধি দুগ্ধ ঘৃত মধু নদীৰ জলক পিয়া
পিতৃগণে তৃপিতিক পাৱে।।১০৷৷

সেহিসে সকলে শাস্ত্ৰ পঢ়িলে শুনিলে সি সি
অনুষ্ঠান সমস্তে কৰিল।

নিৰাশা ইশ্বৰ কৃষ্ণ তাহাঙ্ক সম্মুখ ভৈল
আশাক যিজনে পিঠি দিল।।১১৷৷

অপৰৱিত্ৰ যিটো আতি পৰরিত্ৰ হোৱেবা যদি
সমস্তে অৱস্থা আছে পায়া।

মুক্তিত নিস্প্ৰীহ যিটো In English

Muktito Nispriho Jitu
Hehi bhokotok namo
rokhomoyee maagohu bhokoti
homostoko mostoko moni
nijo bhakataro baishya
Bhoju heno devo jadupati
Bhoju heno devo jadupoti

Muktito Nispriho Jitu
Hehi bhokotok namo
roxomoyee maagohu bhokoti
homostoko mostoko moni
nijo bhakataro baishya
Bhoju heno devo jadupati
Bhoju heno devo jadupoti

Jaro Raamo Krishna Naamo
Nawe Bhowo hindhu tori
Pawe porompodo paapi joto
Hodanondo honatono
Henoyo Krishna hoda
Upakha koruhu hridoyoto
Raam, upakha koruhu hridoyoto||

Motsyo Kurma Narahing-ho
Bamono Porokhuraamo
Haliraamo Baraho Sriraamo
Buddho Kolki naame dokho
Akriti dhorisa Krishna
Toju pawe koruhu pranaamo
Toju pawe koruhu pranaamo

Uploaded by MUSIC BOX Kalpana Patowary

You may also like Borgeet

Note: Photo Source Facebook

We hope you enjoyed the lyrics of “Assamese Prayer Lyrics | 5 Assamese Parthona | (প্ৰাৰ্থনা).” If you find any errors or have the correct lyrics for this song, please Submit Them Here. Your help keeps our lyrics accurate and up-to-date for everyone!

Thank you for visiting ArnlWeb Lyrics, your go-to site for multilingual lyrics in: