Song: Bhabisilu Likhu Buli Sithi (ভাৱিছিলোঁ লিখোঁ বুলি চিঠি)
Singer: Anima Choudhury
Lyricist: Satish Das
Musician: Ramen Barua
![]() |
Bhabisilu Likhu Buli Sithi Lyrics |
Bhabisilu Likhu Buli Sithi Lyrics:—
ভাৱিছিলোঁ লিখোঁ বুলি চিঠি তোমালৈ
নাপালোঁ যে …
মই …
নেপালোঁ যে কথা বিচাৰি ৷
ভাৱিছিলোঁ লিখোঁ বুলি চিঠি তোমালৈ
নাপালোঁ যে কথা বিচাৰি
অই …
নাপালোঁ যে কথা বিচাৰি
মোৰ মৰমৰে বুলি লিখিবলৈ
মোৰ লাজ লাগে
তোমাৰ মৰমেৰে
মন দেখোন নিলা কাঢ়ি
মোৰ মৰমৰে বুলি লিখিবলৈ
মোৰ লাজ লাগে
তোমাৰ মৰমেৰে
মন দেখোন নিলা কাঢ়ি
তথাপিও ভাৱিছোঁ মই লিখোঁ তোমালৈ
দিবা জানো ?
দিবা জানো তুমি সঁহাৰি…?
ভাৱিছিলোঁ লিখোঁ বুলি চিঠি তোমালৈ
নাপালোঁ যে কথা বিচাৰি
মই …
নাপালোঁ যে কথা বিচাৰি
কথা কৈছিলা কিমান ভাল লগা
তুমি পাহৰিলা !
চাগে মই আছোঁ
তাকেই মাথোঁ সুঁৱৰি
কথা কৈছিলা কিমান ভাল লগা
তুমি পাহৰিলা !
চাগে মই আছোঁ
তাকেই মাথোঁ সুঁৱৰি
ভাৱিছোঁ মই কিনো লিখি
দিওঁ সোঁৱৰাই
কেতিয়ানো,
আমাৰ কেতিয়ানো হ’ল চিনাকি
ভাৱিছিলোঁ লিখোঁ বুলি চিঠি তোমালৈ…
নাপালোঁ যে কথা বিচাৰি
মই …
নাপালোঁ যে কথা বিচাৰি
মই…
নাপালোঁ যে,
কথা বিচাৰি…৷