Morome Dhuwai Niya Lyrics by Kavita Krishnamurty. Assamese Romantic Song

Audio Credits

  • Song : Morome Dhuwai Niya
  • Singer: Kavita Krishnamurty
  • Music: Jitul Sonowal
  • Lyrics: Bijoy Duwarah
  • Album : Niribili Godhuli

Morome Dhuwai Niya Lyrics in Assamese

(মৰমে ধুৱাই নিয়া
জোনাক কোমল গধূলি
তুমি আৰু মই আছোঁ বহি
এই নিৰিবিলি গধূলি
এই নিৰিবিলি গধূলি ) -2x

মৰমে ধুৱাই নিয়া …..

(মনৰ গোপন অবুজ কথা
কেনেকে বাৰু মই কওঁ
উমি উমি জ্বলা হৃদয় কামনা
কেনেকে বাৰু দেখুৱাওঁ) -2x

বুকুৰ মাজত দেখোন
অযুত তৰাৰ ধেমালি
তাতেই যে পাতো সপোন মেলা
তোমাৰ স’তে উমলি
তোমাৰ স’তে উমলি

মৰমে ধুৱাই নিয়া ….

( চিন্তা সাগৰ উতল আজি
দূৰৰ আকাশ ধুঁৱলী
এই পাৰে জ্বলে আশাৰ চাকি
সিপাৰে মাথোঁ কুঁৱলী ) -2x

আঁদৰিব খোজো যদি
ভুলকেই ফুল বুলি
ল’বানে সাৱটি দুহাত মেলি
এই ভুলকেই ফুল বুলি
এই ভুলকেই ফুল বুলি

মৰমে ধুৱাই নিয়া
জোনাক কোমল গধূলি
তুমি আৰু মই আছোঁ বহি
এই নিৰিবিলি গধূলি

এই নিৰিবিলি গধূলি

এই নিৰিবিলি গধূলি …

We hope you enjoyed the lyrics of “মৰমে ধুৱাই নিয়া Morome Dhuwai Niya Lyrics – Kavita Krishnamurty.” If you find any errors or have the correct lyrics for this song, please Submit Them Here. Your help keeps our lyrics accurate and up-to-date for everyone!

Thank you for visiting ArnlWeb Lyrics, your go-to site for multilingual lyrics in: