Song: O Bandh O Xiparor Bandh (অʼ বান্ধ, অʼ সিপাৰৰ বান্ধ)
Singer: Bhupen Hazarika
O Bandh O Xiparor Bandh Lyrics |
O Bandh O Xiparor Bandh Lyrics:–
নাৱৰীয়া ১মঃ- অʼ বান্ধ, অʼ সিপাৰৰ বান্ধ, শুনা
এন্ধাৰ ইটো পাৰ
কাল ধুমুহাই ঢাকে আকাশ
কৰাচোন সিপাৰ
(মোক) কৰাচোন সিপাৰ।
নাৱৰীয়া ২য়ঃ- মেঘ বৰষুণ নেউচি মই
তোমাক কৰিম পাৰ;
পিছে, সিপাৰ এৰি কিহৰ আশাত,
মানি লʼলা হাৰ —
নাৱৰীয়া ১মঃ- বটা ভাগে কাঠো পচা
শিমলুৰে নাও
জীৱনৰে সোঁত নেজানো
আৰু পানীৰ ভাও
মোক কৰাচোন সিপাৰ।
নাৱৰীয়া ২য়ঃ- ইপাৰে আনিলোঁ বাৰু
এৰি সিটো পাৰ
এৰা পাৰ সুঁৱৰি যদি
কৰা হাঁহাকাৰ।
নাৱৰীয়া ১মঃ- নেলাগে নেলাগে মোক মায়া ইপাৰৰ
বিচাৰিছোঁ মোহময়ী কায়া সিপাৰৰ
মোক কৰাচোন সিপাৰ।
নাৱৰীয়া ২য়ঃ- সিপাৰ পালে ইপাৰ লাগে
অনন্ত পিয়াস
ইপাৰ সিপাৰ অহা-যোৱা
চক্ৰ অভিলাস।।