O Xokhi Aji Lyrics – Jyoti Sangeet

O Xokhi Aji Lyrics (অ’ সখী আজি) by Jyoti Prasad Agarwala.Super Hit Jyoti Sangeet. Old Assamese golden Collection.

O Xokhi Aji Song Details:

  • Song Name: O Xokhi Aji
  • Singer: Jyoti Prasad Agarwala
  • Album: Jyoti Sangeet

O Xokhi Aji Lyrics In Assamese

অ’ সখী আজি, যৌৱন বন জুৰি
বন বসন্ত মুঞ্জৰি, পাতে বৰণৰে মেলা ।
হাঁহা সখী মোৰ, হাঁহা সখী মোৰ
হাঁহিৰে ফাকু খেলা
হাঁহিৰে ফাকু খেলা ।
অ’ সখী আজি, যৌৱন বন জুৰি । ।

তোৰ ৰূপৰ ফুলনিতে
শেৱালি নেৱালি কতনো ফুল
দশোদিশ আমোলাই কৰিছে আকুল
ফুলৰ বাতিৰে মৌৰে নিজৰা বাকি দিয়া
বিয়াকুল ৰূপ মৌ পিয়া ।
অ’ সখী আজি, যৌৱন বন জুৰি । ।

আজি অভিনৱ তৰালী পোহৰৰ
চঞ্চল গীতি শুনা ।
তাৰ লহৰত কঁপি কঁপি মোৰ যৌৱনৰ
জোনাকী কাৰেঙত বাজে বীণা.. ।
তাতে বাসনা-উৰ্বশী বিবসনা
নৃত্যতে আকুল
অ’ সখী যায় যে বেলা ।
হাঁহা সখী মোৰ, হাঁহা সখী মোৰ
হাঁহিৰে ফাকু খেলা
হাঁহিৰে ফাকু খেলা ।।

অ’ সখী আজি, যৌৱন বন জুৰি
অ’ সখী আজি, যৌৱন বন জুৰি ।।

Music Video Of O Xokhi Aji Song

We Hope You Liked the O Xokhi Aji Lyrics – Jyoti Sangeet, If You Found Mistakes in the Lyrics “O Xokhi Aji Lyrics – Jyoti Sangeet” kindly Submit Us With the Correct O Xokhi Aji Lyrics – Jyoti Sangeet Song! Thanks for visiting our Lyrics App!