Protidine Tumi Diya Aahi (প্ৰতিদিনে তুমি দিয়া আহি) By Angaraag Mahanta (Papon) | Lyrics In Assamese

Song: Protidine Tumi Diya Aahi (প্ৰতিদিনে তুমি দিয়া আহি)
Singer: Angaraag Mahanta (Papon)

Protidine Tumi Diya Aahi (প্ৰতিদিনে তুমি দিয়া আহি) Lyrics In Assamese:—-


প্ৰতিদিনে তুমি দিয়া আহি এপাহি ফুল,
অ জীৱন তুমি ৰহনিয়া ৰঙৰে বুল,
প্ৰতিদিনে তুমি দিয়া আহি এপাহি ফুল,
অ জীৱন তুমি ৰহনিয়া ৰঙৰে বুল,
এপাহি হাঁহি এপাহি দুখ,
তাৰেই সজাই তোৰো মুখ,
প্ৰতিদিনে তুমি দিয়া আহি এপাহি ফুল,
অ জীৱন তুমি ৰহনিয়া ৰঙৰে বুল |
আকাশে গাতে ল’বৰে মন,
সাগৰ তলিত শুবৰে মন,
মনৰ চিলা উৰুৱাই জীৱনে……..
অ….আকাশে গাতে ল’বৰে মন,
সাগৰ তলিত শুবৰে মন,
মনৰ চিলা উৰুৱাই জীৱনে……..
সোনালি হৈ থাক,
তোমাৰে মোৰে সময়,
বুকুৱে বুকুৱে,
ৰৈ যায় যেন মধুমই……..
হৃদয় কপোৱা গান এটি, 
পোৱা নোপোৱা সুৰ এটি,
তাতেই হেৰাই চন্দ মোৰ হয়তো বা,
তথাপি সপোনৰ,
সপোনৰে দিঠকৰ,
তোমাকে আদৰো,
সেন্দুৰীয়া বাটত……..
প্ৰতিদিনে তুমি দিয়া আহি এপাহি ফুল,
অ জীৱন তুমি ৰহনিয়া ৰঙৰে বুল,
প্ৰতিদিনে তুমি দিয়া আহি এপাহি ফুল,
অ জীৱন তুমি ৰহনিয়া ৰঙৰে বুল,
এপাহি হাঁহি এপাহি দুখ,
তাৰেই সজাই তোৰো মুখ |
প্ৰতিদিনে তুমি দিয়া আহি এপাহি ফুল,
অ জীৱন তুমি ৰহনিয়া ৰঙৰে বুল…………