ৰং কিনিবা কোনে অ’ ৰং কিনিবা কোনে ?
মোনা ভৰাই ৰং আনিছোঁ, কিনা মোনে মোনে|
বাও ধানৰ সোণ পথাৰত হালধীয়া চৰাই
আৰু হালধীয়া সৰিয়হৰ ফুলৰ পাপৰিয়ে
হালধীয়া ৰহণ মোক বেচে ঘনে ঘনে |
হে ৰং কিনিবা কোনে
সেউজীয়া থোৰ মেলা ধাননিতে
বৰ আকাশৰ নীলা নীলা সীমাখিনিতে
উৰি ফুৰা বগটি হেৰালে;
বগ পাখিৰ বগা বিচাৰি খালোঁ মই হাবাথুৰি
বগটি কেনিবা লুকালে ?
ডাঠ-পাতল সেউজ বোলত
লুকাই থকা বগটিয়ে হাঁহি মাৰি ক’লে;
মোৰ পাখিৰ বগা কিনা, নাপাবা সঘনে |
হেঙুলীয়া ৰহণ খেদি সেন্দুৰী আলিৰে গ’লো
সুৰুয ককাইক লগ ধৰাৰ মনে |
সুৰুযে বোলে,
সকলো ৰঙৰ বেহা কৰে ইন্দ্ৰধনুখনে;
সেই ধনুৱে অলপ বেচত
মোনাখনিত ঢালি দিলে
সপোন সনা ৰহণবোৰ জুখি দোণে দোণে,
ৰং কিনিবা কোনে ?
অকণি অ’ অকণি ৰং বেচোঁতা মই
দেশ বিদেশত বেহা আছে
মই নেথাকো ৰৈ |
লোৱা লোৱা ৰং লোৱা আনা সবাকে মাতি
ৰঙৰ বাবে নেলাগে, মোক পইছা-পাতি
মাথোঁ সবে ৰং কিনা লৰি লৰি আহি
সেই ৰঙেৰে ধৰা বোলোৱা খিলখিলকৈ হাঁহি
আহা জনে জনে ৰং কিনিবা কোনে ?
ৰং কিনিবা কোনে অ’ ৰং কিনিবা কোনে ?
মোনা ভৰাই ৰং আনিছোঁ, কিনা মোনে মোনে…|